প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ শততম খণ্ড
প্ৰত্যক্ষ
প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ শততম খণ্ড প্ৰত্যক্ষ 
গুৱাহাটী

ৰাজভৱনত প্ৰদৰ্শিত হ’ল প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ শততম খণ্ড...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহিলী ৰেডিঅ' অনুষ্ঠান 'মন কী বাত'ৰ দেওবাৰে শততম খণ্ড পূৰ্ণ হৈছে । গুৱাহাটীৰ ৰাজভৱনতো প্ৰদৰ্শন কৰা হয় "মন কী বাত"ৰ শততম খণ্ড ।

অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলে এই বিশেষ স্ক্ৰীণিংৰ সহায়ত প্ৰত্যক্ষ কৰে অনুষ্ঠানটো । ৰাজভৱনৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মিডিয়া ইউনিটসমূহে জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠানটোৰ বিশেষ স্ক্ৰীণিঙৰ আয়োজন কৰে ।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া । অনুষ্ঠান প্ৰত্যক্ষ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে তেওঁৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাতৰ জৰিয়তে ভাৰতৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ।

ইয়ে নতুন ভাৰতৰ বাবে জনসাধাৰণৰ মনৰ ব্যাপ্তি সলনি কৰাত এক ভূমিকা পালন কৰিছে ৷ লগতে এই অনুষ্ঠানটোৱে জনসাধাৰণৰ লগতে সমাজৰ আচৰণগত পৰিৱৰ্তনো প্ৰতিফলিত কৰিছে বুলিও উল্লেখ কৰে ।

‘মন কী বাত’ৰ শততম খণ্ড প্ৰত্যক্ষ

ৰাজ্যপালগৰাকীয়ে কয় যে আমাৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ দূৰৱৰ্তী অঞ্চলত থকা লোকসকলৰ কাষ চাপিবলৈ ৰেডিঅ'ক যোগাযোগৰ মাধ্যম হিচাপে বাছনি কৰিছে । মন কী বাত ৰেডিঅ'ৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত এটা হৈ পৰিছে ।

ৰাজ্যপালগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ যুৱপ্ৰজন্মৰ সৈতে এক অনন্য সম্পৰ্ক স্থাপন কৰিছে আৰু তেওঁৰ মন কী বাতৰ জৰিয়তে যুৱ চামক উৎসাহিত কৰিছে।

ভাষণ প্ৰসংগত শ্ৰী কাটাৰিয়াই কয় যে মন কী বাতে স্বচ্ছ ভাৰত অভিযান, ক’ভিড টীকাকৰণ আৰু হৰ ঘৰ ত্ৰিৰংগাৰ দৰে সামাজিক আন্দোলনত সমগ্ৰ দেশৰ সম্প্ৰদায়সমূহক অন্তৰ্ভুক্ত কৰি তথা তেওঁলোকক অনুপ্ৰেৰিত কৰিছে ।

আজি ৰাজভৱনত অনুষ্ঠিত এই বিশেষ স্ক্ৰীণিঙত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিন, অসমৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী মনিন্দৰ সিং, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব অঞ্চলৰ সঞ্চালক প্ৰধান শ্ৰী বি নাৰায়ণন, ৰাজ্যিক তথ্য আয়ুক্ত শ্ৰী সমুদ্ৰগুপ্ত কাশ্যপ, অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী হৰমিৎ সিং তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ৷

‘মন কী বাত’ৰ শততম খণ্ড প্ৰদৰ্শন