গুৱাহাটী

জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক…

asomiyapratidin

ডিজিটেল ডেস্কঃ জিএমচিএইচত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য আকৌ অৱনতি ঘটাৰ শংকা কৰা হৈছে। জিএমচি কৰ্তৃপক্ষই এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী নকৰিলেও, দীৰ্ঘদিন ধৰি কোভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বৃহস্পতিবাৰৰ পুৱা ১০.১৫ বজাত কেবিনৰ পৰা জিএমচিৰ কাষতে থকা কোভিড হাস্পতাললৈ নিয়া হয়।

উল্লেখ্য যে, কোভিডক ৰোগীৰ উন্নত চিকিৎসাৰ বাবে জিএমচিৰ সমীপতে স্থাপন কৰা ছুপাৰ স্পিচেয়িলিষ্ট হাস্পতালত সংকটজনক অৱস্থাত থকা ৰোগীক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল।