গুৱাহাটী

বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে সোণাপুৰত কংগ্ৰেছৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, সোণাপুৰঃ দেশৰ অৰ্থনৈতিক মন্দাৱস্হা,নিবনুৱা সমস্যা,নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা আৰু নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত শনিবাৰে সোণাপুৰত ডিমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়িত হয় ।

সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত ৰূপায়ন কৰা এই প্ৰতিবাদী ধৰ্না কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী অকণ বৰাকে প্ৰমূখ্য কৰি দিছপুৰ যুৱ কংগ্ৰেছ কমিতিৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰি বিজেপিৰ কামকাজৰ সমালোচনা কৰি ৰাইজক উদেশ্যি চমু ভাষণ আগবঢ়ায়।

উল্লেখ্য এই কাৰ্যসূচীতে যুৱ কংগ্ৰেছৰ কৰ্মী সকলে জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ প্ৰতিকৃতিও দাহ কৰে।