- মহানগৰীত অপৰিস্কাৰ পৰিৱেশত খাদ্য যোগান ধৰা হোটেলৰ বিৰুদ্ধে অব্যাহত আছে খাদ্য সুৰক্ষা বিভাগৰ অভিযান।
- মঙলবাৰে গনেশগুৰীত পুনৰ চলিল বিভাগটোৰ অভিযান।
- অভিযানৰ অন্তত বন্ধ কৰি দিয়া হ'ল হোটেল গামছ ডেলিকেচী।
- ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হয় হোটেলখন।
- অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ।
- ইফালে ম্যাদ উকলা মছলাৰে খাদ্য প্ৰস্তুত কৰাৰো অভিযোগ।
- ইফালে আন কেইবাখনো হোটেলত চলোৱা হয় অভিযান।
- লখিমী আৰু দিচাং হোটেলটো অভিযান চলালে বিভাগটোৱে।
- দুয়োখন হোটেল ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হয়।
- লখিমীৰ চাহৰ হোটেলত বিষয়াকেইজনক স্বত্তাধিকাৰীয়ে দেখুৱাব পৰা নাই অনুজ্ঞাপত্ৰ।
- ইফালে দিচাং হোটেলটো দেখুৱাব পৰা নাই অনুজ্ঞাপত্ৰ।
- দিচাঙৰ কৰ্মচাৰীসকলে অনুজ্ঞাপত্ৰৰ বিষয়ে নাজানে বুলি মন্তব্য কৰে।