উচ্ছেদিত মহিলাৰ ৰোষত পৰি পলাবলৈ বাধ্য হ'ল অশোক সিংহাল...
উচ্ছেদিত মহিলাৰ ৰোষত পৰি পলাবলৈ বাধ্য হ'ল অশোক সিংহাল... 
গুৱাহাটী

উচ্ছেদিত মহিলাৰ ৰোষত পৰি পলাবলৈ বাধ্য হ'ল অশোক সিংহাল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ চচলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ২ বছৰীয়া বৰ্ষপূৰ্তিতে ৰাইজৰ ৰোষত পৰিলে মন্ত্ৰী অশোক সিংহাল। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আধাতে অনুষ্ঠান সামৰি পলাবলৈ বাধ্য হ'ল মন্ত্ৰী অশোক সিংহাল।

উল্লেখ্য যে, শিলসাঁকো বিলৰ উচ্ছেদৰ পাছত সেই স্থানত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি চলাইছিলি। জি এম ডিয়ে আজি এই স্থানত প্ৰথমটো প্ৰকল্প হিচাপে বিলৰ পানী বিশুদ্ধকৰণ আৰু জৈৱ প্ৰতিকাৰ প্ৰকল্পৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰিছিল।

এই প্ৰকল্প শুভাৰম্ভ কৰিবলৈ গৈছিল মন্ত্ৰী অশোক সিংহাল। অনুষ্ঠানত মন্ত্ৰী অশোক সিংহালে ভাষণ দি থকাৰ সময়তে সভাস্থলীল আগমণ ঘটে উচ্ছেদিত পৰিয়ালৰ বহু সংখ্যক মহিলাৰ। এই মহিলাসকলে হঠাৎ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি। ফলত নিজৰ ভাষণ আধাতে সামৰিবলৈ বাধ্য হয় মন্ত্ৰীগৰাকী।

উচ্ছেদিত মহিলাসকলৰ ৰোষত পৰি সেই প্ৰকল্পস্থান আৰু ইয়াৰ কাম পৰ্যবেক্ষণ নকৰাকৈয়ে সেই স্থান ত্যাগ কৰে মন্ত্ৰী অশোক সিংহালে। সভাখনত উপস্থিত থকা আৰু নিৰ্ধাৰিত ভাষণৰ বাবে সাজু হৈ থকা বহু লোকেই ভাষণ দিয়াৰ সুযোগ নাপালে এই অনুষ্ঠানত। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আধাতে সামৰিবলৈ বাধ্য হয় এই অনুষ্ঠান।

অনুষ্ঠানস্থলীৰ পৰা আঁতৰি যোৱাৰ সময়ত মন্ত্ৰী অশোক অশোক সিংহালে উত্তেজিত মহিলাসকলক তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁক লগ কৰিবলৈ কয় যদিও তেওঁৰ কথাক গুৰুত্ব নিদি প্ৰতিবাদ অব্যাহত ৰাখে। আনহাতে মন্ত্ৰী অশোক সিংহালে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ সৈতে আলোচনা কৰাৰ কথা কৈছিল যদিও সেই কথাও মানি লোৱা নাই এই মহিলাসকলে।

বৰঞ্চ মহিলাসকলে মন্ত্ৰীগৰাকীক বিভিন্ন কটু মন্তব্য কৰে। মহিলাসকলৰ মতে, অনা অসমীয়া মন্ত্ৰী বোৱাৰ বাবেই অশোক সিংহালে অসমীয়াৰ দুখ, দুৰ্দশাৰ কথা বুজি নাপায়। মহিলাসকলে কয়, আমি হেঁপাহৰ বিহুটোও পালিবলৈ নোৱাৰিলো। বিহুৰ সময়ত ৩ দিন অনশন কৰি প্ৰতিবাদ কৰিলো।

আৰু কয়, আমাৰ ঘৰ ভাঙিলে। আমাক উচ্ছেদ কৰিলে। কিন্তু এতিয়াও ক্ষতিপূৰণ নাপালো। যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নকৰে তেতিয়ালৈকে এই প্ৰকল্প আৰম্ভ কৰিবলৈ নিদিও।