গুৱাহাটী

পিপিই কিট পৰিধান কৰি জিএমচিএইচত উপস্থিত ৰকিবুল হুছেইন, খবৰ ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কোৰোনাত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খবৰ ল'বলৈ মঙলবাৰে হাস্পতালখনত উপস্থিত হ'ল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছৰ বিধায়ক নুৰুল হুডা আৰু আবুল কালাম ৰাছিদো উপস্থিত হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। পিপিই কিট পৰিধান কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ খবৰ ল'লে ৰকিবুল হুছেইনে। উল্লেখ্য যে, সোমবাৰে নিশা তৰুণ গগৈৰ দেহত হ্ৰাস পাইছিল অক্সিজেনৰ স্তৰ। অৱশ্যে পাছত তেওঁৰ অক্সিজেন স্তৰ স্থিৰি হোৱা বুলি সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।