গুৱাহাটী

গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ উজানবজাৰত ৰাজভৱনৰ বাহনৰ খুন্দাত শুকুৰবাৰে এগৰাকী পথচাৰীয়ে মৃত্যু সাৱটিব লগা হয়। উল্লেখ্য যে বৃহস্পতিবাৰে উজানবজাৰত ৰাজভৱনৰ বাহন এখনে নিজ গৃহলৈ আহি থকা অৱস্থাত শৈলেন দাস নামৰ পথচাৰী গৰাকীক পিছপিনৰ পৰা খুন্দা মাৰে।

এই ঘটনাত পথচাৰী শৈলেন দাস গুৰুতৰভাৱে মূৰত আঘাতপ্ৰাপ্ত হোৱাত লতাশিল আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে যদিও শকুৰবাৰৰ দিনৰ ভাগত চিকিৎসকে চিকিৎসা প্ৰদান কৰি থকা অৱস্থাত চিকিৎসালয়ত আই চি ইউৰ অভাৱত পথচাৰী শৈলেন দাসৰ মৃত্যু হয়।

ইফালে মৃত শৈলেন দাস ৰাজভৱনৰ সমীপৰ বনকৰ অঞ্চলৰ নিবাসী বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। ঘটনা পিছতে দুৰ্ঘটনা সংঘটিত বাহনখনৰ লগতে চালকক আৰক্ষীয়ে থানালৈ লৈ আনে ।