গুৱাহাটী

গৰমৰ পৰা সকাহ দিয়া মুষলধাৰ এজাক বৰষুণতে বুৰ গ’ল মহানগৰী

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ দুপৰীয়াৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণে মহানগৰবাসীক গৰমৰ পৰা সকাহ দিয়ে যদিও কৃত্ৰিম বানৰ সমস্যাই স্বাভাৱিক কাম-কাজত বাধাৰ সৃষ্টি কৰে।

প্ৰায় এঘণ্টা ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ছয়মাইল, পাঞ্জাবাৰী, চানমাৰি, জুৰোড, গণেশগুৰিকে আদি কৰি ভিন্ন অঞ্চলত কৃত্ৰিম বানত বুৰ যায় ৰাজপথ।

এজাক বৰষুণতে কৃত্ৰিম বানৰ কবলত পৰা অঞ্চলসমূহত বহুসময় ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ পৰে। অৱশ্যে কম সময়ৰ ভিতৰতে বৰষুণ শাম কটাত মহানগৰবাসীয়ে যথেষ্ট সকাহ লাভ কৰে।

বৰষুণৰ সৈতে অহা কোবাল বতাহে কোনো কোনো অঞ্চলত সামান্য ক্ষতি-সাধন কৰাও দেখা গৈছে। বতাহৰ কোবত পথৰ দাঁতিত থকা গছৰ ঠাল-ঠেঙুলি আদি বিজুলী পৰিবাহী তাৰত পৰাত ভালেমান অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে।