গুৱাহাটী

আঠটা সংগঠনৰ প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে প্ৰতিবাদীৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী ৷ "উন্নত শিক্ষা ব্যৱস্থাই হৈছে প্ৰগতিশীল দেশৰ মূল মন্ত্ৰ" এই বাণীকেই আগত ৰাখি অসমৰ আঠটা ছাত্ৰ সংগঠন একত্ৰিত হৈ "শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসম" নামৰ এখন মঞ্চ তৈয়াৰ হৈছিল ৷

এই মঞ্চৰ সৈতে জড়িত হৈ আছে "আম আদমি পাৰ্টী"ৰ ভাতৃ সংগঠন CYSS অসমো ৷ আজি সেই আঠটা সংগঠনৰ নেতৃত্বত মহানগৰীস্থিত চচলত "ছেবা ৰক্ষা সংকল্প" নামেৰে এক অৱস্থান ধৰ্মগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় আঠোটা সংগঠনৰ নেতৃত্বৰ উপৰিও বিষয়ববীয়া লগতে কৰ্মীসকলে ।