গুৱাহাটী

মৃত্যুলৈও ভয় নাই! সোমবাৰে পুৱাৰে পৰা গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা গ’ল জনসমাগম…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসক লৈ এতিয়াও সজাগ হোৱা নাই একাংশ লোক। জনতাৰ সান্ধ্য আইনৰ ঘোষিত সময়সীমা শেষ হোৱাৰ পিছতে ৰাজপথলৈ ওলাই আহিল বহুলোক। পুৱাৰে পৰা গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে দেওবাৰৰ বিপৰীত ছবি।

কোৰোনা ভাইৰাছৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো লোককে ঘৰৰ পৰা ওলাই অহাৰ পৰিৱৰ্তে নিজ ঘৰতে থাকি নিজ কৰ্মসম্পাদন কৰিবলৈ আহ্বান জনাইছিল। কোৰোনা ভাইৰাছৰ সংক্ৰমণ যাতে ৰোধ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোডীয়ে জনাইছিল এই আহ্বান। দেওবাৰে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈকে সকলো লোককে ঘৰতে থকাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিল। তাৰ পিছতে অসমত ৰাজ্যচৰকাৰে এই সময়সীমা সোমবাৰৰ পুৱা ৮ বজালৈকে বৃদ্ধি কৰিছিল।

পিছে কোৰোনা ভাইৰাছে কেৱল ভাৰততে ৭জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতো একাংশ লোকৰ গা লৰা নাই। পুৱাৰ ভাগতে সোমবাৰে ৰাজপথলৈ ওলাই আহিল একাংশ লোক। দুই এখন দোকানো পুৱাই খুলিলে গুৱাহাটীত। এতিয়া স্বাভাৱিকতে প্ৰশ্নৰ উদ্ভৱ হৈছে প্ৰকৃততে সজাগতাৰ অভাৱ নে নিজৰে জীৱনলৈ বিপদ মাতি অনাৰ বাবে পুৱাই ৰাজপথলৈ ওলাই আহিল এইসকল লোক।