গুৱাহাটী

পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত চুটিগল্প সন্মিলনৰ আয়োজন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যখনৰ অগ্ৰণী প্ৰকাশন অনুষ্ঠান "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত গুৱাহাটী মহাবিদ্যালয়ৰ সমীপৰ জ্যোতিনগৰ সাহিত্য সভাৰ ভৱন প্ৰাঙ্গণত অহা ৯ এপ্ৰিল, ২০২৩ত দিনৰ ১০-৪৫ বজাৰ পৰা এখনি চুটিগল্প সন্মিলনৰ আয়োজন কৰা হৈছে । সকলো স্তৰৰ লোকে এই সন্মিলনত অংশ গ্ৰহণ কৰিব পাৰিব বুলি সমিতিয়ে জনায় ।

পাঠ কৰিবলগীয়া চুটিগল্পৰ শব্দৰ সংখ্যা ৫০০ ৰ ভিতৰত হ'ব লাগিব । আগতীয়াকৈ নাম পঞ্জীয়ন কৰিব লাগিব । পঠিত চুটিগল্পৰ পৰা নিৰ্বাচন কৰি চুটিগল্প সংকলন এখন প্ৰকাশৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে।

আগ্ৰহীসকলৰ জ্ঞাতাৰ্থে সবিশেষ জানিবৰ বাবে কমল কলিতা (৯৪৩৫০- ১০৫৫৪) অৱনী ৰঞ্জন পাঠক (৯৪৩৫৫- ৩৭০৩২) অথবা পুতুলী ঠাকুৰীয়া মেধি (৯৭০৬০-৭৩৭২৩) আৰু প্ৰকাশন সচিব দীপক শৰ্মা (৬৯০১৬-২০০২০) ৰ লগত যোগাযোগ কৰিব পাৰিব বুলি উল্লেখ কৰে ।