গুৱাহাটী

গুৱাহাটীত আজি পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হৈছে সাংবাদিক পৰাগ কুমাৰ দাস সোঁৱৰণী সদৈ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। এই তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত।

তৰ্ক প্ৰতিযোগিতাখনৰ বিষয়- 'কেৱল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়েহে অসমত অসমীয়া মানুহৰ পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰিব'। এই প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহাবিদ্যালয়সমূহৰ শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ লগতে যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছে। ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই প্ৰতিযোগীসকলে অংশ লৈছে এই তৰ্ক প্ৰতিযোগিতাত।