গুৱাহাটী

মহানগৰীৰ গান্ধীবস্তিৰ নিৱাসী, প্ৰয়াত বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ শাহু লক্ষ্মীপ্ৰভা তালুকদাৰৰ বিয়োগ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা মৃত্যু ঘটে প্ৰয়াত বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ শাহু, মহানগৰীৰ গান্ধীবস্তিৰ নিৱাসী লক্ষ্মীপ্ৰভা তালুকদাৰৰ। ৮১ বছৰ বয়সত মৃত্যু হয় তেওঁৰ। উল্লেখ্য যে, ১৯৩৯ চনৰ ১৮ মাৰ্চত জন্মগ্ৰহণ কৰা লক্ষ্মীপ্ৰভা তালুকদাৰৰ মৃত্যুৰ খবৰ পাই তেখেতৰ ঘৰলৈ সোঁত বয় অজস্ৰ লোক।

বাধক্যজনীত কাৰণতে তেওঁৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। বয়স বাঢ়ি অহাৰ লগে লগে তেখেত না না ৰোগত ভুগিছিল। মৃত্যুৰ সময়ত তেওঁ দুই কন্যা সন্তানৰ লগতে একমাত্ৰ পুত্ৰ সন্তানক ইহ সংসাৰত এৰি গৈছে।

তেওঁৰ ২ কন্যা সন্তান হৈছে ক্ৰমে পূৰৱী তালুকদাৰ, কৰৱী তালুকদাৰ আৰু পুত্ৰ সন্তান দেৱজ্যোতি তালুকদাৰ। উল্লেখ্য যে, পূৰৱী তালুকদাৰক বিয়া কৰাইছে প্ৰয়াত বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসে।

লক্ষ্মীপ্ৰভা তালুকদাৰৰ মৃত্যুত শোক ব্যক্ত কৰিছে বিভিন্ন মহলে। পুৱাই গান্ধীবস্তিৰ বাসগৃহত উপস্থিত হয় স্থানীয় বহুলোক। তেওঁৰ পু্ত্ৰ এগৰাকী গুৱাহাটীৰ প্ৰতিষ্ঠিত অধীবক্তা। বিয়লি প্ৰায় ৩.৩০ বজাত
লক্ষ্মীপ্ৰভা তালুকদাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব নৱগ্ৰহ শ্মশানত।