গুৱাহাটী

পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত পশু চিকিৎসা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠত্ব অৰ্জন

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ তাৰ্কিকৰ দলে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত।

অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনৰ বিষয় আছিল 'কেৱল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়েহে অসমত অসমীয়া মানুহৰ পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰিব'।

ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই অনুষ্ঠিত প্ৰতিযোগিতাখনত দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় আৰু দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ে।

প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ ধীমান পাটগিৰিয়ে। কটন বিশ্ববিদ্যলয়ৰ অন্বেষা মহন্তই দ্বিতীয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশালদ্বীপ কাকতিয়ে তৃতীয় তাৰ্কিকৰ সন্মান লাভ কৰে।

পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলনৰে তৰ্ক প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট বিজ্ঞানী ড০ অনিল গোস্বামীয়ে। আনহাতে সঞ্চালকৰূপে আসন গ্ৰহণ কৰে উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অপূৰ্ব বৰুৱাই। মঞ্চত পৰাগ দাস স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ড০ উদয়াদিত্য ভৰালীয়ে আসন গ্ৰহণ কৰাৰ উপৰিও স্মৃতিগ্ৰন্থ উন্মোচকৰ আসনত বহে ড০ মনোৰমা শৰ্মাই।

ইফালে তৰ্ক প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে আছিল উদ্দীপন দত্ত, কিশোৰ কুমাৰ কলিতা আৰু মানস বৰদলৈ।