গুৱাহাটী

আজি পাণবজাৰলৈ নাযাব…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ পাণবজাৰলৈ আজি নাযাব। বন্ধ থাকিব সকলো গ্ৰন্থ বিপণী। পুথি প্ৰকাশন সন্থাই সদৰী কৰিছে এই কথা। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই শুকুৰবাৰৰ দিনটোত সমূহ গ্ৰন্থ বিপণী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে সংস্থাটোৱে।

উল্লেখ্য যে' বৃহস্পতিবাৰে বিয়লি ৫.০৫ বজাত দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত এইমছত শেষ নিশ্বাস ত্যাগ কৰে বাজপেয়ীয়ে। তেওঁৰ মৃত্যুত কেন্দ্ৰ চৰকাৰে শুকুৰবাৰৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰাৰ লগতে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ কথাও ঘোষণা কৰিছিল।

নেতাগৰাকীৰ মৃত্যুত দেশৰ ভিন্ন প্ৰান্তত স্বতস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছিল দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। অসমৰো ভিন্ন প্ৰান্তত আজি দোকান-পোহাৰ আদি বন্ধ ৰখাৰ লগতে বজাৰ তথা ৰাজপথ আদিত জনসমাগম যথেষ্ট সেৰেঙা দেখা গৈছে।