গুৱাহাটী

মহানগৰীত আত্মীয়ৰ হাততে যৌন নিৰ্যাতনৰ বলি ছাত্ৰী…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা। আত্মীয়ৰ হাততে বাৰম্বাৰ নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী ছাত্ৰীয়ে। গুৱাহাটী পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ণ কৰি থকা ছাত্ৰীগৰাকীয়ে নিজ জেঠুৱেকৰ বিৰুদ্ধে আনিছে যৌন নিৰ্যানতৰ অভিযোগ।

উল্লেখ্য যে, ছাত্ৰীগৰাকী বন্তি সন্দিকৈ নামৰ জেঠায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰি আছিল। বন্তি সন্দিকৈ চতুৰ্থ অসম বেটেলিয়নত কৰ্মৰত। ছাত্ৰীগৰাকীৰ এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শুকুৰবাৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই পানবজাৰ মহিলা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে।

সমগ্ৰ ঘটনা বিৱৰি লিখা এজাহাৰখনৰ জৰিয়তে সাংবাদিকগৰাকীয়ে ছাত্ৰীগৰাকীক ন্যায় দিয়াৰ বাবে আৰক্ষীক আহ্বান জনায়। সৰুতে পিতৃহাৰা হোৱা ছাত্ৰীগৰাকীক বহুবাৰ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ জেঠুৱেকৰ বিৰুদ্ধে। ইফালে জেঠায়েকৰ পুত্ৰইয়ো কেইবাবাৰো ছাত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে।

ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা বিদ্যালয়ৰ শিক্ষাগুৰুক ৰাজহুৱাকৈ অৱগত কৰাৰ পাছতে বিদ্যালয়ৰ পৰা তেওঁক জেঠায়েক বন্তি সন্দিকৈয়ে বলপূৰ্বক চোচৰাই নিয়াৰো অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে যদিও জেঠায়েকে তেওঁক বিদ্যালয়ৰ পৰা চোচৰাই নিয়াৰ পাছৰে পৰা সন্ধানহীন হৈ আছে পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীগৰাকী।