গুৱাহাটী

মালিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ ৰেলৱে কৰ্মচাৰীৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ মালিগাঁৱত বুধবাৰে এক অঘটন সংঘটিত হয়। বিজুলী সংযোগৰ কাম সম্পাদন কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ ৰেল বিভাগৰ এজন কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱায়।

দুৰ্ভগীয়া কৰ্মচাৰীজনক মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিৰ আনন্দ বড়ো বুলি জানিব পৰা গৈছে। কৰ্তব্যৰত অৱস্থাতে এনেদৰে কৰ্মচাৰীজনে মৃত্যুক সাবটি লোৱাত মালিগাঁৱৰ ৰেলৱে কাৰ্যালয়ত শোকৰ ছাঁ পৰিছে।