গুৱাহাটী

গুৱাহাটীত অ’ এল এক্স বিজ্ঞাপনৰ নামত প্ৰৱঞ্চকে লুটিলে ফটো সাংবাদিকৰ কেমেৰা…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ স্মাৰ্ট আৰক্ষীৰ গিজগিজাই থকাৰ মাজতে গুৱাহাটী মহানগৰীত প্ৰৱঞ্চকে লুটি নিলে ফটো সাংবাদিক দিপাংকৰ বৰুৱাৰ কেমেৰা । ঘটনাৰ বিৱৰণী অনুসৰি অ' এল এক্স নামৰ প্ৰতিষ্ঠানটোত সাংবাদিক গৰাকীয়ে নিজৰ ডি এছ এল আৰ কেমেৰাটো বিক্ৰীৰ বাবে বিজ্ঞাপন দিছিল ।

বিজ্ঞাপনটো লাভ কৰি বৰা চাৰ্ভিছৰ জনৈক ৰাহুল দাস নামৰ ব্যক্তি গৰাকীয়ে কেমেৰা ক্ৰয় কৰাৰ বাবে ফোনত বন্দবস্ত হয়। সেই অনুসৰি পুৱা ১০ বজাত বৰা চাৰ্ভিছৰ তেল ডিপোত নিজৰ কেমেৰাটো লৈ বিক্ৰীৰ বাবে ব্যক্তিগৰাকীৰ ঠিকনাত উপস্থিত হয় সাংবাদিক দিপাংকৰ । তাৰপিছত ৰাহুল দাস নামৰ ব্যক্তি গৰাকীয়ে কেমেৰা লৈ নিজৰ গৃহত টকা আনিবলৈ গৈ ওলাই নহাত সাংবাদিক দিপাংকৰ সন্দেহ ওপজাত ব্যক্তি গৰাকীৰ গৃহত প্ৰৱেশ কৰি গম পাই প্ৰৱঞ্চক ৰাহুল দাস নামৰ ব্যক্তি গৰাকীয়ে অন্য পথেৰে পলাই যায়।

ইফালে ঘটনা সন্দৰ্ভত সাংবাদিক দিপাংকৰ বৰুৱাই পল্টন বজাৰ আৰক্ষী থানাত ৬৬০/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰে । আনহাতে ডি এছ এল আৰ কেমেৰাটোৰ মূল্য ৭৫ হাজাৰ বুলি ফটো সাংবাদিক গৰাকীয়ে জনায় ।