গুৱাহাটী

পুলৱামা আক্ৰমণত শ্বহীদসকলৰ প্ৰতি নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ শোক প্ৰকাশ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে কাশ্মীৰৰ পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমনত শ্বহীদ হোৱা ৪২ গৰাকী জোৱানৰ প্ৰতি নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউচনে শুকুৰবাৰে গভীৰ শোক প্ৰকাশ কৰে।

প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক ডা০ মুনীন্দ্ৰ নাৰায়ণ বৰুৱা, অধীক্ষক ডা০ ৰবীন গোঁহাই, মুখ্য পৰিচালন বিষয়া ডা০ গীতাৰ্থ ৰয় মেধি প্ৰমুখ্যে প্ৰতিগৰাকী চিকিৎসক তথা কৰ্মচাৰীয়ে মমবাতি জ্বলাই শ্বহীদসকলৰ প্ৰতি স্ৰদ্ধা নিৱেদন কৰাৰ লগতে এক চমু শোক সভাও অনুষ্ঠিত কৰে।