গুৱাহাটী

দুৰ্জয় দত্তৰ অনুষ্ঠানতকৈ অসমীয়া ভাষা-সাহিত্যৰ বাবে এই আলাপ গুৰুত্বপূৰ্ণ, VIDEO…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ যোৱা ১০ টা দিনে কিতাপৰ গোন্ধই আমোলমোলাই থকা চানমাৰীৰ ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ বাকৰিত দেওবাৰেও সমাগম ঘটিল সহস্ৰজন গ্ৰন্থপ্ৰেমীৰ। প্ৰতিদিনে ভিন্ন তথা ব্যতিক্ৰমী বিষয় লৈ সাদিন-প্ৰতিদিন গোষ্ঠীৰ বিপনী 'আলাপ'ত দেওবাৰেও অনুষ্ঠিত হ'ল অন্তৰংগ আলাপ তথা মত-বিনিময় অনুষ্ঠান।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ উদ্যোগত অনুষ্ঠিত এই অন্তৰংগ আলাপত অংশ ললে নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ লগতে প্ৰতিষ্ঠিত লেখক, সমালোচক আৰু বহুকেইজন সাংবাদিকে।

সাম্প্ৰতিক সময়ত ডিজিটেল মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ তথা সম্ভাৱনা সন্দৰ্ভত অনুষ্ঠিত হোৱা এই অন্তৰংগ আলাপৰ আঁত ধৰে মৃদুল কুমাৰ সন্দিকৈয়ে। প্ৰথমে এই আলোচনাৰ সন্দৰ্ভত বক্তব্য ৰাখে অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰাই। ডিজিটেল মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশৰ কথা উল্লেখ কৰি তেওঁ কয়,' ভাল-বেয়া দুয়োটা দিশ আছে যদিও ইতিবাচক দিশটোৱেই বেছি বুলি মোৰ মনে ধৰে, আচলতে ভাল-বেয়া নিৰ্ভৰ কৰে ব্যৱহাৰৰ ওপৰত।'

'ডিজিটেল মিডিয়াৰ প্ৰসাৰে বাতৰি কাকত তথা ছপা মাধ্যমলৈ প্ৰত্যাহ্বান আনিব। দৰাচলতে এই ধাৰণা ভুল। লাহে লাহে দেখা গল যে ডিজিটেল মিডিয়া আৰু বাতৰি কাকত এটা আনটোৰ পৰিপূৰকহে।' অন্তৰংগ আলাপটি আগবঢ়াই নি এই বক্তব্য ৰাখে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। তেওঁ লগতে কয়- আজিৰ দিনত ছচিয়েল মিডিয়াত কেৱল সস্তীয়া কথা বোৰেই আলোচনা হয় বুলি আমি অগ্ৰজসকলে যি ধাৰণা কৰো সেয়া আচলতে সম্পূৰ্ণ শুদ্ধ নহয়। মই শেহতীয়াকৈ ডিজিটেল মিডিয়াৰ সৈতে জড়িত হৈ প্ৰত্যক্ষ কৰিছো যে, আজিৰ সময়ত সমাজৰ বহু বিষয় ছচিয়েল মিডিয়াত চৰ্চা হোৱাৰ পাছতহে সত্যতাৰ ভিত্তিত আন সংবাদ মাধ্যমত চৰ্চা হয়। বহু গুৰুত্বপূৰ্ণ কথাৰ লগতে শিক্ষাৰ্থীসকলে শিক্ষা সম্পৰ্কীয় কথাও আজিৰ দিনত ছচিয়েল মিডিয়াতে আলোচনা হয়।'

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ উদ্যোগত অনুষ্ঠিত এই অন্তৰংগ আলাপত উপস্থিত থাকে মুখ্য সহযোগী সম্পাদক সঞ্জীৱ ফুকন, বিশিষ্ট কবি, গল্পকাৰ তথা সাতসৰী কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য, অসমীয়া প্ৰতিদিনৰ বাৰ্তা সম্পাদক পাৰ্থ দেৱগোস্বামী, লেখক-সাংবাদিক বেদব্ৰত বৰা, লেখক- সাংবাদিক পৰাগমণি আদিত্য, তৰুণ প্ৰতিভাৱান গল্পকাৰ সঞ্জীৱ পল ডেকা, লেখক ৰক্তাৱ জ্যোতি বৰা আদি উপস্থিত আছিল।

এই অন্তৰংগ আলাপত উপস্থিত থকা সকলৰ ভিতৰত লেখক-সাংবাদিক বিদ্যুত কুমাৰ ভূঞা, লেখক-সাংবাদিক শৈলেন বৰুৱা, গল্পকাৰ পংকজ কুমাৰ দত্ত, কবি নীলাভ সৌৰভ, ত্ৰিদীপ বৰপূজাৰী, লেখক ৰঞ্জীৱ কুমাৰ শৰ্মা। অসমীয়া প্ৰতিদিনৰ জেষ্ঠ উপ-সম্পাদক তপন কলিতা, সাংবাদিক বনজিত ঠাকুৰীয়া, বশিষ্ট দেৱ ফুকন আদিৰ উপস্থিতিত জীপাল হৈ উঠে এই অনুষ্ঠানটো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ উদ্যোগত অনুষ্ঠিত এই অন্তৰংগ আলাপত যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত আলোকপাত কৰে উপস্থিত সুধীবৃন্দই। অনুষ্ঠানটিত উপস্থিত থাকে নৰ্থ ইষ্ট কেন্সাৰ প্ৰতিষ্ঠানৰ জনসম্পৰ্কৰক্ষী বিষয়া অক্ষমালা মহন্ত, তৰুণ প্ৰজন্মৰ সাংবাদিক পংকজ মেধি, নন্দিনী মহন্ত, ডিম্পুল বৰগোহাঁই, পলাশজ্যোতি গগৈ,প্ৰণীতা শইকীয়া , মানস বৰাকে ধৰি বহুকেইজন।

অন্তৰংগ আলাপৰ এই অনুষ্ঠানত অংশ লৈ সাহিত্য অকাডেমী যুৱ বটাঁ বিজয়া গল্পকাৰ সঞ্জীৱ পল ডেকাই ডিজিটেল মাধ্যম আৰু প্ৰসাৰৰ সন্দৰ্ভত যথেষ্ট অৰ্থৱহ মন্তব্য দাঙি ধৰে।

এই অনুষ্ঠানত অংশ লৈ সাংবাদিক পৰাগমণি আদিত্যই কয় যে, ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে যথেষ্ট কৰণীয় আছে।

ডিজিটেল মাধ্যমৰ যোগেৰে যুৱ প্ৰজন্মৰ মাজত অসমীয়া সাহিত্যৰ বিকাশত বাবে সমাজ তথা অভিভাৱকৰ কৰণীয় সম্পৰ্কত বক্তব্য ৰাখে জেষ্ঠ সাংবাদিক বেদব্ৰত বৰাই।

সাম্প্ৰতিক সময়ত ছচিয়েল মিডিয়া আৰু যুৱ প্ৰজন্মক লৈ অন্তৰংগ আলাপটিত বক্তব্য ৰাখে গল্পকাৰ তথা সাতসৰী কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যই।

নতুন প্ৰজন্মৰ প্ৰতিনিধি আৰু অগ্ৰজসকল উপস্থিতিৰে অধিক ৰসাল হৈ পৰা এই আলাপত ছপা মাধ্যমৰ ভৱিষ্যত আৰু ডিজিটেল মাধ্যমপ প্ৰসাৰৰ সন্দৰ্ভত বক্তব্য ৰাখে অসমীয়া প্ৰতিদিনৰ বাৰ্তা সম্পাদক পাৰ্থ দেৱগোস্বামীয়ে।

এই অন্তৰংগ আলাপত উপস্থিত থাকি নিজৰ মতামত আৰু অনুভৱ ব্যক্ত কৰিলে শেহতীয়াকৈ প্ৰকাশ পোৱা বৌদ্ধিক সন্ত্ৰাস নামৰ কিতাপখনৰ লেখক তথা একালত সাংবাদিকতাৰ সৈতে জড়িত ৰঞ্জীৱ কুমাৰ শৰ্মাই।

অন্তৰংগ আলাপৰ এই অনুষ্ঠানটোত অসমীয়া ভাষাৰ ভৱিষ্যত আৰু ডিজিটেল মাধ্যমৰ সন্দৰ্ভত অতি অৰ্থৱহ মন্তব্য আগবঢ়ায় কেইবাজনো বিশিষ্ট লোকে। বিষয়বস্তুৰ পৰিসৰ অতিক্ৰম কৰি এই আলোচনাত ডিজিটেল মাধ্যম আৰু অসমীয়া ভাষা সাহিত্যৰ সন্দৰ্ভত স্থান পোৱা এই কথোপকথনে চিন্তাৰ নতুন বাট কৰ্ষণ কৰিব বুলি মন্তব্য কৰে উপস্থিত ব্যক্তিসকলে।প্ৰায় ডেৰ ঘন্টা ধৰি চলা এই অন্তৰংগ আলাপ অনুষ্ঠানে তথাকথিত বিষয়সমূহৰ বিপৰীতে নতুন চিন্তাৰ উন্মেষ ঘটালে।

এই অনুষ্ঠানত অংশ লৈ এজন সাধাৰণ শ্ৰোতাই কলে- মই সকলোখিনি শুনি আছো। আৰু এই কথা ন দি কব পাৰো যে, দুৰ্জয় দত্তৰ অনুষ্ঠানতকৈ এই আলাপ অসমীয়া ভাষা-সাহিত্যৰ বাবে গুৰুত্বপূৰ্ণ।