গুৱাহাটী

নুনমাটি বাছ আস্থানৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল ডেস্কঃ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নুনমাটি বাছ ষ্টেণ্ডৰ ওচৰৰ এখন চাহৰ দোকানত সংঘটিত হ'ল এই অগ্নিকাণ্ডৰ ঘটনা। দাওদাও কৈ জ্বলিল চাহৰ দোকানখন । কেমেৰাত বন্দী হ'ল জুই লাগি থকাৰ সম্পূৰ্ণ দৃশ্য। অগ্নিকাণ্ডৰ ফলত দোকানখন সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। স্থানীয় লোকৰ তৎপৰতাত আৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কেইবাঘণ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

স্থানীয় লোকে জনোৱা মতে চিলিণ্ডাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সম্পূৰ্ণ ৰূপে দোকান খন ভস্মীভূত হৈ যায়। দোকান খনৰ গৰাকীৰ নাম নৰেন বৈশ্য বুলি জানিব পৰা গৈছে। জুই লগাৰ ঘটনাৰ সময়তে দোকানখনৰ গৰাকী লগে লগে পলায়ন কৰি কোনোমতে ৰক্ষা পৰে।