গুৱাহাটী

ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ দীৰ্ঘদিনীয়া সপোন পূৰ্ণ কৰিবলৈ সমৰ্থ হ'ল ৫০ আছাম এয়াৰ স্কোৱাড্ৰন এনচিচিৰ গুৱাহাটীৰ এয়াৰ উয়িং এনচিচি কেডেটে। সোমবাৰে এনচিচিৰ এয়াৰ উয়িঙৰ সদস্যসকলে ভাইৰাছ এছ ডব্লিউ-৮০ এয়াৰক্ৰাফট চলাই এই সপোন পূৰ্ণ কৰে।

গুৱাহাটী তথা ইয়াৰ ওচৰ-পাজৰৰ জিলাকেইখনৰ যুৱক-যুৱতীৰে গঠিত এনচিচিৰ এয়াৰ উয়িঙৰ দলটোৱে বৰঝাৰস্থিত ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা ভাইৰাছ এয়াৰক্ৰাফটেৰে আকাশত উৰাৰ হেপাঁহ পূৰ কৰে।

উল্লেখ্য যে এনচিচিৰ এই ইউনিটটোৱে এইবাৰৰ স্বাধীনতা দিৱসত লাভ কৰিছে ২টাকৈ বীৰ চিলাৰায় বঁটা। ইয়াৰ পিছত ইউনিটটোৱে ভাইৰাছ এয়াৰক্ৰাফট চালনাৰে আজি আন এক কৃতিত্ব অৰ্জন কৰে।

আজিৰ এই বিমান চালনাৰ অনুশীলনত কেডেটসকলৰ সৈতে ইউনিটটোৰ কমাণ্ডিং অফিচাৰেও ভাগ লয়। অনাগত সময়ত কেডেটসকলে যাতে বায়ু সেনাৰ সৈতে জড়িত হৈ দেশক সেৱা কৰিবলৈ আগ্ৰহী হৈ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনে অনুশীলনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।