গুৱাহাটী

অতীত সুঁৱৰি ২১ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাত “নলবাৰী কলেজঃ অনুভৱৰ আবেলি”

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিদ্যয়া বিন্দতে অমৃতম৷ এই মধুৰ বাণীৰে মুখৰিত হ'ল শনিবাৰৰ ২১ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাৰ বাকৰি। ৯ নৱেম্বৰৰ বিয়লি ৪ বজাৰ পৰা উত্তৰ পূব গ্ৰন্থমেলাত অনুস্থিত হয় "বিদ্যয়া বিন্দতে অমৃতমঃ নলবাৰী কলেজ-অনুভৱৰ আবেলি" শীৰ্ষক বিশেষ দুঘণ্টীয়া অনুষ্ঠান।

ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি গ্ৰন্থমেলাৰ দিলীপ কুমাৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত সমাহাৰ ঘটে কথা-গীত-অতীত ৰোমন্থনৰ সুৱদী অধ্যায়৷

নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক গোস্বামী, অৱসৰী অধ্যক্ষ প্ৰমোদ চক্ৰৱৰ্তী, কুমাৰ ভাস্কৰবাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° দীপক কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অৱনী কুমাৰ ভাগৱতী, প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত চন্দ্ৰকুমাৰ শৰ্মা, বিশিষ্ট সাহিত্যিক ৰিজু হাজৰিকা, প্ৰাক্তন আইন সচিব মুনীন ডেকা, ব্যৱসায়ী বিমল মহন্ত, অনাতাঁৰ কেন্দ্ৰৰ বিষয়া উৎপল দত্ত, বিভু দত্ত, অসীম কুমাৰ কাজি, বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, সহঃ অধ্যাপক অনন্ত ৰাজবংশী, ৰাজেশ ৰাণা মেধি, নন্দ কিশোৰ ভূঞা, নিকি ভূষণ শৰ্মা, ৰাজু বৰ্মন, দীপুমণি ঠাকুৰীয়া আদি বহু সংখ্যক প্ৰাক্তন কৃতী শিক্ষাৰ্থী উপস্থিত থাকে৷

এই অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়খনৰ কেইবাজনো প্ৰৱক্তা তথা দ্বিশতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী৷ সীমান্ত বাৰ্মাই আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থীয়ে পৰিবেশন কৰে গীত৷ উল্লেখ্য যে, অহা ২১, ২২ আৰু ২৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব নলবাৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানৰ মূল কাৰ্যসূচী৷