প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰা ১১,৬০০ কোটিৰ প্ৰকল্পৰ টকা আছিল কাৰ? ৰাজ্য নে কেন্দ্ৰৰ...
প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰা ১১,৬০০ কোটিৰ প্ৰকল্পৰ টকা আছিল কাৰ? ৰাজ্য নে কেন্দ্ৰৰ...  
গুৱাহাটী

প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰা ১১,৬০০ কোটিৰ প্ৰকল্পৰ টকা আছিল কাৰ? ৰাজ্য নে কেন্দ্ৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙ্গলবাৰৰ দিনটোত সদনৰ পৰা নিলম্বিত হ'ল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ। বিধায়কগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ অসম ভ্ৰমণ কৰি ১১ হাজাৰ ৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰাৰ প্ৰসংগত মন্তব্য কৰিছিল।

তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহি যি ১১ হাজাৰ ৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰিলে সেই সকলো টকা মোডী চাহাবে আমাক দিলে বুলি এক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। সেয়া সত্য নহয়। এই ১১ হাজাৰ ৬০০ কোটি টকাৰ আঢ়ৈ হাজাৰ কোটি টকাহে কেন্দ্ৰীয় চৰকাৰে দিছে। ৭ হাজাৰ কোটি আমাৰ ৰাজ্য চৰকাৰৰ টকা।

তেওঁ কয়, ১১ হাজাৰ ৬০০ কোটি টকা মোডী চাহাবে আমাক দিয়া নাই। তেওঁৰ দ্বাৰা শিলান্যাস কৰোৱা হৈছে ঠিকেই। এয়া আমাৰ পঞ্চদশ বিত্তীয় আয়োগৰহে ধন। কেৱল সেয়াই নহয়, তেওঁ বানপানীৰ সমস্যাৰ কথা উত্থাপন কৰি বৰপেটা জিলাৰ কেইবাটাও মন্দিৰ, সত্ৰ বান পানীৰ বুকুত জাহ যোৱাৰ কথাও কয়।

ইয়াৰ মাজতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ কামকাজ পৰিচালনাত বাধা প্ৰদান কৰাৰ বাবে তেওঁ দিনটোৰ বাবে নিলম্বন কৰে। অধ্যক্ষই শ্বেৰমান আলীক বাৰে বাৰে বহিবলৈ নিৰ্দেশ প্ৰদান কৰি তেওঁৰ ভাষণৰ সময়ত এইসমূহ বিষয় উত্থাপন কৰিবলৈ আহ্বান জনাইছিল যদিও তেওঁ থিয় হৈ নিজৰ কথা কৈ থাকিল। যাৰ পৰিপ্ৰেক্ষিতত তেওঁক এইদৰে নিলম্বন কৰা হয়।