গুৱাহাটী

মিৰ্জা-সৰপাৰাৰ সমাজকৰ্মী গনেশ কলিতাৰ বিয়োগ : বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ সৰপাৰাৰ বাসিন্দা তথা সমাজকৰ্মী গনেশ কলিতাৰ (৫৫) নিজ বাসগৃহত পৰলোকপ্ৰাাপ্তি ঘটে। জানিব পৰামতে তেওঁ মধুমেহ আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল ।

তেওঁৰ মৃত্যুত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সৰপাৰা সাহিত্য সভাৰ সভাপতি প্ৰবীণ চন্দ্ৰ দাস, সৰপাৰা ৰাইজ গয়ৰহৰ উপদেষ্টা অজিত চন্দ্ৰ দাস, কনক কাকতি, সম্পাদক গগন দাস প্ৰভৃতিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে, গণেশ কলিতা ৰাজ্য চৰকাৰৰ বন বিভাগৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ কন্যাৰ লগতে আত্মীয় কুটুম্বক ইহ-সংসাৰত এৰি থৈ যায় ।