গুৱাহাটী

সোমবাৰৰ পৰা মহানগৰীত বন্ধ ১৫০খন মাংসৰ দোকান

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে গুৱাহাটী মহানগৰীত মাংস বিচাৰি হাহাকাৰ কৰিবলগীয়া হ'ব পাৰে গ্ৰাহক সকলে। কিয়নো কেইবাটাও দাবীৰে সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ প্ৰায় ১৫০খন মাংসৰ দোকান।

গুৱাহাটী পৌৰ নিগমৰ পঞ্জীয়নভুক্ত দোকান কেইখন বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে সদৌ গুৱাহাটী কুৰেশ্বী মীট এছ'চিয়েচনে। কোনো পূৰ্ব জাননী নিদিয়াকৈ গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ তিনিখন মাংসৰ দোকান ছীল কৰাৰ বিৰোধিতাৰে দোকান বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে এছ'চিয়েচনটোৱে

প্ৰতিটো ছাগলীৰ পৰিৱৰ্তে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই ৰাজ্য তথা দেশৰ অন্য প্ৰান্ততকৈ অধিক দাম লোৱাৰ অভিযোগ এছ'চিয়েচনৰ। তেওঁলোকৰ অভিযোগ অনুসৰি কৰ্তৃপক্ষই ১২০ টকাকৈ আদায় লয় প্রতিটো ছাগলীত। উল্লেখ্য যে, ৰাজ্যখনৰ তেজপুৰৰ কচাইখানাত ছাগলী কটাৰ বিপৰীতে আদায় লয় মাত্ৰ ৪০ টকাহে।