মালিগাওঁ বিহুতলীক ৰাঙলী কৰা হত্যাকাৰী ৰবি আলীক গোলকগঞ্জত গ্ৰেপ্তাৰ...
মালিগাওঁ বিহুতলীক ৰাঙলী কৰা হত্যাকাৰী ৰবি আলীক গোলকগঞ্জত গ্ৰেপ্তাৰ...  
গুৱাহাটী

মালিগাওঁ বিহুতলীক ৰাঙলী কৰা হত্যাকাৰী ৰবি আলীক গোলকগঞ্জত গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ব'হাগ বিহুৰ আনন্দ উল্লাসৰ মাজতে পহিলা ব'হাগৰ নিশা মালিগাঁৱত অনুষ্ঠিত বিহু অনুষ্ঠানৰ মাজতে সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। এই হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্তক ৰবি আলীক আজি গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য, ১ ব'হাগৰ নিশা মালিগাঁৱত আছিল ভৃগু কাশ্যপৰ সংগীতানুষ্ঠান। এই অনুষ্ঠানৰ মাজতে ৰবি আলী আৰু আন কেইবাজনো যুৱকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৰোহিত কুমাৰ গামী নামৰ এজন যুৱক।

ইয়াৰ পাছতে ৰবি আৰু তেওঁৰ সতীৰ্থই চুৰীৰে আঘাত কৰি হত্যা কৰিছিল ২২ বছৰীয়া ৰোহিত কুমাৰ গামীক। এই ঘটনাত আহত হৈছিল ১৮ বছৰীয়া সীমান্ত তালুকদাৰ নামৰ আন এজন যুৱক। ইয়াৰ পাছতে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰবিয়ে পলায়ন কৰিছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰবিৰ ঘৰ গুৱাহাটীৰ মালিগাঁৱত। হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতেই ৰবিয়ে বাছত উঠি প্ৰথমে গৌৰীপুৰলৈ পলায়ন কৰিছিল।

গৌৰীপুৰৰ পৰা তেওঁ টেম্পুৰে চুবুৰীয়া পশ্চিমবংগলৈ পলায়ন কৰাৰ চেষ্টা কৰিছিল। সেই সময়তেই গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৰবিক কৰায়ত্ত কৰে।