গুৱাহাটী

মালিগাঁৱৰ ফুটব্ৰীজত অঘটনঃ পথ অতিক্ৰম কৰিবলৈ লিফ্টত উঠা দুই শিশু ৩০ মিনিট ধৰি আৱদ্ধ, আৰক্ষী-এছডিআৰএফে কৰিলে উদ্ধাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহানগৰীত নতুনকৈ নিৰ্মাণ কৰা ফুটব্ৰীজবোৰ কিমান নিৰাপদ? এই ফুটব্ৰীজৰ লগত সংলগ্ন লিফ্টত উঠোতে এবাৰ ভাবিব। শনিবাৰৰ দিনা সংঘটিত এক ঘটনাই উদঙাই দিছে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ নামত আৰু পদযাত্ৰীৰ বাবে নিৰ্মাণ কৰা এই ফুটব্ৰীজসমূহ মৰণ ফান্দ হৈ পৰিব পাৰে। মালিগাঁৱত নিৰ্মাণ কৰা এখন নতুন ফুটব্ৰীজত শনিবাৰৰ দিনা উঠিছিল দুই শিশু।

ফুটব্ৰীজখনৰে পথ অতিক্ৰম কৰিবলৈ লিফ্টত উঠা দুই শিশু যান্ত্ৰিক বিজুতিৰ বাবে ফুটব্ৰীজৰ লিফ্টত আৱদ্ধ হৈ পৰে। প্ৰায় ৩০ মিনিট সময় লিফ্টত আৱদ্ধ হৈ থকা দুই শিশুক অৱশেষত উদ্ধাৰ কৰে আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে। জৰুৰীকালীন সেৱাৰ জৰিয়তে শিশু দুটা এনেদৰে ফুটব্ৰীজৰ লিফ্টত আৱদ্ধ হৈ পৰা খবৰ দিয়াৰ পাছতে দুয়োকে উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰায় দুমাহৰ পুৰণি এই ফুটব্ৰীজৰ লিফ্টত কেনেদৰে এই যান্ত্ৰিক বিজুতি ঘটিল তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। জিএমডিএ-ৰ কৰ্তৃপক্ষই চোৱাচিতা কৰাৰ অভাৱতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সৌভাগ্যক্ৰমে দুই শিশু সুকলমে উদ্ধাৰ হ'ল যদিও নিশাৰ ভাগত এনে কাণ্ড সংঘটিত হোৱা হ'লে কি পৰিস্থিতি সৃষ্টি হ'ল হেঁতেন তাক লৈ এতিয়া চৰ্চা চলিছে।সেয়েহে মহানগৰীৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা এই ফুটব্ৰীজসমূহ আৰু ইয়াত সংলগ্ন লিফ্ট সমূহ পদযাত্ৰীৰ বাবে কিমান সুৰক্ষিত তাক লৈ সন্দেহ ৰৈ গৈছে।