পুনৰ লাভ জেহাদ : উদ্ধাৰ অন্তঃসত্ত্বা কিশোৰী, আটক ২

পুনৰ লাভ জেহাদ : উদ্ধাৰ অন্তঃসত্ত্বা কিশোৰী, আটক ২

author-image
Asomiya Pratidin
New Update
পুনৰ লাভ জেহাদ : উদ্ধাৰ অন্তঃসত্ত্বা কিশোৰী, আটক ২

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল লাভ জেহাদৰ ঘটনা। মহানগৰ আৰক্ষীয়ে লাভ জেহাদৰ বলি হোৱা ২ কিশোৰীসহ আটক কৰিছে ২ অভিযুক্ত যুৱকক। গুৱাহাটী কলেজৰ সমীপৰ পৰা আটাইকে গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।

Advertisment

জানিব পৰা মতে, নাম সলনি কৰি মুছলমান যুৱক ২জনে পলুৱাই নিছিল হিন্দু যুৱতী দুগৰাকীক। প্ৰায় ৬মাহ পূৰ্বে কিশোৰী ২গৰাকীক ভুৱা পৰিচয়েৰে পলুৱাই নিছিল গ্ৰেপ্তাৰিত ২ যুৱকে।

ধৃত যুৱক ২জন ধুবুৰীৰ ছাহিদুল ইছলাম আৰু দলগাঁৱৰ মুৰ্চিদ আলী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰামতে, নিজকে ৰাহুল নামেৰে পৰিচয় দিছিল মুৰ্চিদ আলীয়ে।

উল্লেখ্য যে, উদ্ধাৰ হোৱা কিশোৰী ২গৰাকীৰ এগৰাকী কিশোৰী ৪ মাহৰ অন্তঃসত্ত্বা। POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি ২ অভিযুক্তকে জেললৈ প্ৰেৰণ কৰে মহানগৰ আৰক্ষীয়ে।

Also Read: গ্ৰহ, নক্ষত্ৰৰ অৱস্থান যথেষ্ট শক্তিশালীঃ এইবাৰ বিশ্বকাপত চেম্পিয়ন হ'ব ৰোহিত বাহিনী...

love jihad