- কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে কামৰূপ মেট্ৰ'ত ৫ জুলাইৰ পৰা ১২ জুলাইলৈ সম্পূৰ্ণ লকডাউন ঘোষণা।
- অৱশ্যে এই লকডাউনৰ সফলত বহু অসুবিধাৰো সন্মুখীন হৈছে গুৱাহাটী মহানগৰবাসী।
- সেয়েহে অসম চৰকাৰে ১০ জুলাই, ২০২০ৰ পৰা দিছে নতুন নিৰ্দেশনা।
- সেই নিৰ্দেশ অনুসৰি, পাইকাৰী ব্যৱসায়ীসকলে ১০ জুলাইত অত্যাৱশ্যকীয় সামগ্ৰী ষ্ট'ক কৰিব পাৰিব।
- ১০ জুলাইৰ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত ষ্ট'ক কৰিব পাৰিব চাউল, আটা, দাইল, পিঁয়াজ, আলু, নিমখ আদি।
- পাইকাৰী ব্যৱসায়ীসকলে ১১ জুলাইৰ পুৱা ১০ বজাৰ পৰা ৬ বজালৈকে খুচুৰা ব্যৱসায়ীসকলক বিক্ৰী কৰিব পাৰিব খাদ্য সামগ্ৰীসমূহ।
- খুচুৰা ব্যৱসায়ীয়ে ১১ জুলাইত অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰিব পাৰিব।
- অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰাৰ সময় পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজা।
- পথৰ কাষৰ কোনো অস্থায়ী দোকান খুলিব নোৱাৰিব।