গুৱাহাটী

লতাশিলত এইবাৰ গায়িকাৰ ৰূপত হিমা, চাওঁক ভিডিঅ’

asomiyapratidin

ডিজিটেল ডেস্কঃ জাকাৰ্টাত হিমাই ট্ৰেকত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি সোণ আৰু ৰূপৰ পদক জিকিছিল। তাৰপাছত ৭ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত হিমাই ভাষণেৰে ৰাজ্যবাসীৰ মন জিনিছিল। সোমবাৰে হিমাক সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৫০তাৰো অধিক দল-সংগঠনে জনাইছিল ৰাজহুৱা সম্বৰ্ধনা। এই অনুষ্ঠানত অংশ লৈ হিমাই গীতেৰে হৃদয় জিনিলে উপস্থিত সকলৰ। লতাশিল খেলপথাৰত হিমাই গালে ভূপেন হাজৰিকাৰ সেই কালজয়ী গীত 'মানুহে মানুহৰ বাবে'।