গুৱাহাটী

বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশনৰ মাজতে জনজাতিৰ মৰ্যাদা বিচাৰি লাষ্টগেটত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা মহামাৰীৰ মাজতে সোমবাৰৰ পৰা আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন। অধিবেশন চলি থকা মাজতে লাষ্টগেটত জনজাতিৰ মৰ্যাদা বিচাৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ।

অধিবেশনৰ প্ৰথম দিনাই ন্যায্যাপ্ৰাপ্তিৰ বাবে তিনিটাকৈ সংগঠনে ধৰ্ণা বিক্ষোভেৰে উত্তাল কৰি তোলে লাষ্টগেট। একেদৰে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগতো জনজাতিৰ মৰ্যাদা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, বিকলাংগ উন্নয়ন পৰিষদ, অসমৰ উদ্যোগতো সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হয়।