গুৱাহাটী

কুমাৰপাৰাত স্বাধীনতা দিৱস উদযাপন

asomiyapratidin

ডিজিটেল সংবাদস গুৱাহাটীঃ মহানগৰীৰ কুমাৰপাৰাৰ জাতীয় দিৱস উদযাপন মঞ্চৰ উদ্যোগত কুমাৰপাৰা পাঁচআলিতো ৭৩ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই। উল্লেখ্য যে, দিৱসৰ লগত সংগতি ৰাখি প্ৰথমে এক পদ সঞ্চালন অনুষ্ঠিত হয়।

এই পতাকা উত্তোলন কৰি পৰাধীনতাৰ শিকলি ছিঙি বীৰ বীৰাংগনাৰ লগতে দেশৰ শ্বহীদৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য দাঙি ধৰে সাংবাদিক শইকীয়াই। তদুপৰি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ পিছতে এঞ্জেলছ ইংলিছ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীবৃন্দই ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে। ইয়াৰ পিছতে সমাজলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকললৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আনহাতে এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত-নৃত্য আদি পৰিবেশন কৰা হয়। হৰিপ্ৰিয়া বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীকে ধৰি এঞ্জেলছ ইংলিছ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু অকলেণ্ড ইংলিছ স্কুলৰ শিক্ষাৰ্থীসকলে এই দেশপ্ৰেমমূলক নৃত্য গীত আদিৰ অনুষ্ঠান পৰিবেশন কৰে।