গুৱাহাটী

কটাহবাৰীৰ মহিলা সন্ধানহীন…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত কটাহবাৰীৰ পৰা এগৰাকী মহিলা সন্ধানহীন হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি আমিনা বেগম নামৰ মহিলা গৰাকীয়ে নিজ গৃহৰ পৰা শনিবাৰে বজাৰ কৰিব ওলাই গৈ উভতি নহাত মহিলা গৰাকীৰ স্বামীয়ে ওচৰে- পাজৰে বিচাৰি নোপোৱাত গড়চুক আৰক্ষীক খবৰ দিয়ে । ইফালে মহিলা গৰাকীৰ কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ লাভ কৰিলে মহিলা গৰাকীৰ স্বামীয়ে গড়চুক আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ।