JICA Pipe Line Burst: তদন্ত কমিটী গঠন, ৩ দিনত দাখিল কৰিব লাগিব প্ৰতিবেদন...
JICA Pipe Line Burst: তদন্ত কমিটী গঠন, ৩ দিনত দাখিল কৰিব লাগিব প্ৰতিবেদন... 
গুৱাহাটী

JICA Pipe Line Burst: তদন্ত কমিটী গঠন, ৩ দিনত দাখিল কৰিব লাগিব প্ৰতিবেদন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে গুৱাহাটীৰ খাৰঘূলিৰ (Kharghuki Incident) জয়পুৰত সংঘটিত হোৱা জল বিস্ফোৰণ ঘটনাৰ তদন্ত ঘোষণা। অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব ড০ প্ৰণতি গগৈ (Dr Pranati Gogoi)য়ে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে এই ঘটনাৰ তদন্ত কৰিবলৈ তিনিজনীয়া এখন তদন্ত কমিটী গঠন কৰা হৈছে।

এই তদন্ত কমিটীৰ নেতৃত্ব প্ৰদান কৰা হৈছে অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা সঞ্চালকালয়(Housing & Urban Affairs) ৰ সচিব আই এ এছ বিষয়া পবিত্ৰ ৰাম খাউণ্ডক। আনহাতে এই কমিটীৰ আন দুজন সদস্য ক্ৰমে অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ আৰু দুৰ্যোগ্য ব্যৱস্থাপনা বিভাগ (AMRUT) ৰ অৱসৰপ্ৰাপ্ত সচিব ৰমেন্দ্ৰ সুন্দৰ চৌধুৰী আৰু জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা সঞ্জয় কুমাৰ মহন্ত।

এই কমিটীয়ে সমগ্ৰ ঘটনা তদন্ত কৰি ৩ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। উল্লেখ্য যে, জাইকা (JICA)ৰ সাহায্য প্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্প (Guwahati Water Supply Project)ৰ মেইন লাইনৰ পাইপ ফাটি বৃহস্পতিবাৰে সংঘটিত হৈছিল অৱৰ্ণনীয় পৰিস্থিতি।

এই জল বিস্ফোৰণৰ ফলত এগৰাকী মহিলা নিহত হোৱাৰ লগতে প্ৰায় ৪০ গৰাকী লোক আহাত হৈছিল। আনহাতে ভাঙিছিল ৪০ টাৰো অধিক ঘৰ। ভাঙিছিল ৰাজপথত পাৰ্কিং কৰি থোৱা বাহনৰ লগতে ঘৰৰ গেৰেজত থোৱা কেইবাখনো চাৰিকীয়া বাহনৰ উপৰিও দুচকীয়া বাহন।