গুৱাহাটী

খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষণ…

asomiyapratidin

পুৱা ৯.৩৭ বজাতঃ 'ভাৰত মাতা কি জয়' শ্লগানেৰে সামৰণি মাৰিলে মুখ্যমন্ত্ৰীৰ ভাষণ।

পুৱা ৯.৩৫ বজাতঃ আগন্তুক দিনত চৰকাৰৰ কাম-কাজৰ ওপৰত ৰাইজে চোকা দৃষ্টি ৰাখকঃ মুখ্যমন্ত্ৰী।

পুৱা ৯.৩৪ বজাতঃ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম আমি সকলো এটি পৰিয়ালৰ সদস্যৰ দৰেঃ মুখ্যমন্ত্ৰী।

পুৱা ৯.৩২ বজাতঃ অসমৰ জনসাধাৰণ স্বভিমান আৰু স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰ দায়ৱদ্ধঃ মুখ্যমন্ত্ৰী।

পুৱা ৯.২৮ বজাতঃ অসমত অনুষ্ঠিত ক্ৰীড়া অনুষ্ঠানৰ সন্দৰ্ভত উল্লেখ কৰি কয়- গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলা হৈছে। ৫০০খন খেলপথাৰৰ উন্নয়নৰ কাম কৰা হৈছে।ৰাজ্যত প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ভিত্তিত ফুটবল প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব।

পুৱা ৯.২৭ বজাতঃ সাংবাদিকৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। হত্যাৰ বলী হোৱা ৩১গৰাকী সাংবাদিকৰ পৰিয়ালক ৫ লাখ টকাকৈ সাহায্য দিয়া হৈছে। ২০ জন সাংবাদিকক সাংবাদিক পেঞ্চন আৰু ২০জনক দিয়া হৈছে মিডিয়া ফেলশ্বিট।

পুৱা ৯.২৬ বজাতঃ বানপানী আৰু গৰখহনীয়া প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়- 'এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰে কৰণীয়খিনি কৰি আছে। বানত নিহত লোকৰ পৰিয়ালক ৪৮ঘণ্টাৰ ভিতৰত ৪লাখ টকাকৈ সাহায্য দিয়া হৈছে।

পুৱা ৯.২৫ বজাতঃ চৰকাৰে অটল অমৃত আঁচনিৰ অধীনত ১৫হাজাৰৰো অধিক হিতাধীকাৰিক সহায় কৰিছেঃ মুখ্যমন্ত্ৰী।

পুৱা ৯.২৪ বজাতঃ যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰেঃ মুখ্যমন্ত্ৰী।

পুৱা ৯.২৩ বজাতঃ ৰাজ্যত ৭ খনকৈ অভিযান্তিক প্ৰতিষ্ঠান নিৰ্মাণ আৰু চাংসাৰিত এইমছ স্থাপনৰ প্ৰস্তুতিঃ মুখ্যমন্ত্ৰী।

পুৱা ৯.২২ বজাতঃ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া ইউনিফৰ্ম দিছে চৰকাৰেঃ মুখ্যমন্ত্ৰী।

পুৱা ৯.২০ বজাতঃ মুখ্যমন্ত্ৰীৰ ভাষণত অণমাই বৰাৰ বলাৎকাৰীক শাস্তি দিয়াৰ প্ৰসংগই স্থান পায়ঃ মুখ্যমন্ত্ৰী।