গুৱাহাটী

সাংবাদিকতা এৰি কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান জ্যেষ্ঠ সাংবাদিক খগেন কলিতাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সাংবাদিকতা এৰি অৱশেষত ৰাজনীতিত ভৰি থলে জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই। ৰাজীৱ ভৱনত আয়োজিত এক অনুষ্ঠানত কলিতাই আনু্ষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

দীৰ্ঘসময় ধৰি সাংবাদিকতাৰে জড়িত কলিতাই ৰাজনীতিত যোগদান কৰাৰ উদ্দেশ্যৰেই কিছুদিনৰ পূৰ্বে সংবাদক্ষেত্ৰত ত্যাগ কৰিছিল। এই যোগদান অনুষ্ঠানত কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুত বৰদলৈকে ধৰি ভালে সংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থকা এই অনুষ্ঠানত কলিতাৰ উপৰিও ভালেসংখ্যকে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে।