গুৱাহাটী

গুৱাহাটীলৈ আহি অসমীয়া ক’লে কেটৰিনা কাঈফে

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'গুৱাহাটী দেশৰ ভিতৰতে এখন ধুনীয়া চহৰ। ইয়াৰ নৈসৰ্গিক শোভা অতুলনীয়।'- গুৱাহাটীক লৈ এই মন্তব্য কৰে বলীউডৰ তাৰকা অভিনেত্ৰী কেটৰিনা কাঈফে।

তাৰকা অভিনেত্ৰীগৰাকীয়ে অসমীয়াতে উপস্থিত সকলোকে সম্ভাষণ জনাবলৈ চেষ্টা কৰাক লৈয়ো উৎসাহী হৈ পৰে তেওঁৰ অনুৰাগীসকল। উল্লেখ্য যে দেওবাৰে কল্যাণ জুৱেলাৰ্ছে আৰম্ভ কৰা শ্ব'ৰূম মুকলি কৰিবলৈ গুৱাহাটীলৈ আহিছে অভিনেত্ৰগৰাকী।

শ্ব'ৰুম মুকলি কৰি দিয়া ভাষণত কেটৰিনাই অসমলৈ আকৌ আহিব বুলিও মন্তব্য কৰে। ভাষণৰ শেষত তেওঁ শ্ব'ৰুম মুকলি অনুষ্ঠানত উপস্থিত থকা সকলোৰে সৈতে ছেলফিও উঠে।

ইফালে অভিনেত্ৰীগৰাকী অহাৰ বতৰা পাই শ্ব'ৰুমটোৰ সমুখত এপলক তেঁওক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰা দেখা গ'ল অজস্ৰ গুণমুগ্ধক।