গুৱাহাটী

উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত ভয়ংকৰ ভুমিস্খলন, আৱদ্ধ অসমৰ কেইবাজনো যাত্ৰী…

asomiyapratidin
  • উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত ভয়ংকৰ ভুমিস্খলনৰ ঘটনা
  • ভুমিস্খলনত খহি পৰিল পাহাৰৰ প্ৰকাণ্ড শিল
  • ফলত কেদাৰনাথ মন্দিৰ সংযোগী দলং বিধস্ত
  • ঘটনাত কমেও ৮ জন লোক আহত হোৱাৰ খবৰ
  • দলং ভাঙি যোৱাৰ ফলত কেদাৰনাথ মন্দিৰত এতিয়াও আবদ্ধ হৈ আছে আছে বহু লোক
  • ইয়াৰে ভিতৰত আছে অসমৰো কেইবাজনো যাত্ৰী
  • আবদ্ধ হৈছে অসমৰ পৰা যোৱা সাতজনীয়া দল এটাৰ তিনিজন সদস্য
  • তিনিজন সদস্যৰ ভিতৰত আছে ওদালগুৰি জিলাৰ টংলা চহৰৰ পুষ্পাঞ্জলি কলিতা
  • লগত আৱদ্ধ হৈ আছে গুৱাহাটীৰ ৰিতুপৰ্ণা ৰয় আৰু এটি কনমানি শিশু নিশান ভুঞাঁ(৭)
  • আবদ্ধ তিনিজনৰ সৈতে দলটোৰ আন সদস্য সকলৰ সৈতে বিচিন্ন হৈছে যোগাযোগ
  • আৱদ্ধ লোকসকলে পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছে যদিও মোৱাইলৰ বেটেৰী ক্ৰমাৎ হ্ৰাস হৈ অহাত সদস্যকেইজনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হবলৈ গৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে