গুৱাহাটী

ৰাজ্যিক পক্ষীৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰে আৰম্ভ অপেন কাৰাটে চেম্পিয়নশ্বিপ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: ক্ৰীড়াই দিলে পৰিৱেশ, প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা। মহানগৰীত ক্ৰীড়া আৰু পৰিৱেশ সুৰক্ষা অপূৰ্ব নিদৰ্শন। ৰাজ্যিক পক্ষী দেওহাঁহ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে অসম কাৰাটে সন্থাৰ তত্বাৱধানত ইউনিফাইড কাৰাটে গীল্ডৰ প্ৰশংসনীয় পদক্ষেপ। বিলুপ্তিৰ দিশে গতি কৰা ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণ, সুৰক্ষা, আৰু এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ইউনিফাইড কাৰাটে গীল্ডে অনুষ্ঠিত কৰিছে কাৰাটে প্ৰতিযোগিতা।

১ এপ্ৰিল, ২০২৩ শনিবাৰৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণৰাম ফুকন ইণ্ডৰ ষ্টেডিয়ামত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে দেওহাঁহ অপেন কাৰাটে চেম্পিয়নশ্বিপ। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ২ হাজাৰৰো অধিক কাৰাটে খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই অপেন কাৰাটে চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান সন্ধিয়া ঠিক ৬ বজাৰ পৰা অনুষ্ঠিত হয়।

বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ বভাগৰ মন্ত্ৰী যোগেন মহন, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, মীন নিগমৰ অধ্যক্ষ তথা অসম ৰাজ্যিক কৰাটে সন্থাৰ উপ-সভাপতি গুৰুজ্যোতি দাস, জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈ আদি। সংগীত আৰু ৰং-বিৰঙি লাইটেৰে মায়াময় হৈ পৰা বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশ কৰে বিদেশত আপোন মানুহ খ্যাত কণ্ঠশিল্পী চাজু, ভাস্বতী ভাৰতী, গীতালি দেৱী আদিয়ে।

৬ লাখৰো অধিক নগদ ধনৰ পুৰস্কাৰ সম্বলিত এই প্ৰতিযোগিতাত মুঠ ৮৩ টা ইভেণ্টৰ আটাইকেইটা ইভেণ্টতে বিজয়ী খেলুৱৈক আগবঢ়োৱা হ’ব নগদ ধনৰ পুৰস্কাৰ। উল্লেখ্য, ৰাজ্যিক পক্ষী দেওহাঁহ বিশ্বৰ বিলুপ্তপ্ৰায় পক্ষী হিচাপে বিবেচিত হৈছে। সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰায় ৮০০ মানহে দেওহাঁহ উপলব্ধ। ইয়াৰে অধিকাংশই অসম, অৰুণাচল আৰু ম্যানমাৰত আছে। সেয়ে এই পক্ষীবিধৰ সংৰক্ষণ, সুৰক্ষা আৰু এই সন্দৰ্ভত সজগতা সৃষ্টিৰ বাবে ইউনিফাইড কাৰাটে গীল্ডে এই পদক্ষেপ হাতত লৈছে।