গুৱাহাটী

‘কা’ৰ বিৰুদ্ধে ১২ অক্টোবৰত আছু-৩০ জনগোষ্ঠীয় সংগঠনৰ মানৱ শৃংখল…

asomiyapratidin

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠী সংগঠনৰ আহ্বানত অহা ১২ অক্টোবৰত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হ'ব গুৱাহাটী মহানগৰীত। 'কা' আৰু পাৰিবেশিক প্ৰভাৱ নিৰূপন অধিসূচনা-২০২০ বাতিল, অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰীকৰণ আৰু বাঘজানৰ তৈলখাদৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সংস্থাপন তথা সাহায্য প্ৰদানৰ দাবীত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।

ইফালে, এই মানৱ শৃংখল কাৰ্যসূচীক লৈ আলোচনাৰ বাবে শনিবাৰে বিয়লি ৫ বজাত শ্বহীদ ভৱন ন্যাসত সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ এক সভা অনুষ্ঠিত হয়। সভাত গুৱাহাটী ক্লাৱত সোমবাৰে দিনৰ ১০ বজাৰ পৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্দান্ত লোৱা বুলি সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ সভাপতি কুশ ৰংপি আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে প্ৰেছবিবৃতি যোগে সদৰী কৰিছে।