গুৱাহাটী

কামাখ্যা ধামত পৰিবেশ সজাগতাৰ উদ্দেশ্যে ভক্তৰ মাজত গছপুলি বিতৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অম্বুবাচী মেলাত সমাগম ঘটিছে অগণন ভক্তৰ। ইফালে, পৰিবেশ সজাগতাক লৈ ভক্তৰ মাজত গছ পুলি বিতৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰে সুহান মল্লিক নামৰ কিশোৰগৰাকীয়ে। এহেজাৰ গছপুলি বিতৰণ কৰা ভক্তসকলৰ মাজত এই ব্যতিক্ৰমী কাৰ্য্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

ইফালে সোমবাৰৰ পৰা ৫দিন ধৰি এই গছ পুলি ভক্তসকলৰ মাজত বিতৰণ কৰিব বুলি উদ্যোক্তাই জনায়। গছ থাকিলেহে মানুহ থাকিব ইয়াকে লৈ ভক্তসকলৰ মাজত পৰিবেশ সজাগতাৰ বাবে প্ৰতিদিনে কামাখ্যা ধামৰ অম্বুবাচী মেলা লৈ মা কামাখ্যাৰ আৰ্শীবাদ ল'বলৈ অহা ভক্তই এই গছপুলি গ্ৰহণ কৰিবলৈ শিবিৰৰ কৰ্মচাৰীসকলে লগতে অনুৰোধ জনায়।