কলিজা আইতা আৰু নাই...
কলিজা আইতা আৰু নাই...  
গুৱাহাটী

কলিজা আইতা আৰু নাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কলিজা আইতাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আই চি ইউত বৃহস্পতিবাৰে প্ৰায় ১০ঃ৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁৰ নাম আছিল শুভ্ৰদা দেৱী। প্ৰথমে মাডাৰ অল্ড এজ হোমৰ আৱাসী হলেও পৰৱৰ্তী সময়ত প্ৰমোদ তালুকদাৰৰ অল্ড এজ হোমত বাস কৰিছিল তেওঁ। ১০৭ বছৰীয়া এই আইতাগৰাকী সকলোৰে মাজত জনপ্ৰিয় আছিল।

হাঁহি, ফুৰ্তি কৰি থকা শুভ্ৰদা দেৱীয়ে স্বাধীনতা আন্দোলনৰ সময়ত প্ৰত্যক্ষ ভাৱে অংশ লৈছিল। ডাঙৰ পুত্ৰৰ মৃত্যুৰ পিছত স্বইচ্ছাই তেওঁ বৃদ্ধাশ্ৰমৰ আৱাসী হৈছিলহি।

প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰী উৎপল হৰ্ষবৰ্ধনে যথেষ্ট যতন লৈছিল তেওঁৰ। তেওঁৰ মৃত্যুত বৃদ্ধাশ্ৰমৰ লগতে তেওঁক ভাল পোৱা সকলোৱে শোক ব্যক্ত কৰিছে। কিছুদিনৰ পূৰ্বে তেওঁৰ ৮৭ বছৰীয়া পুত্ৰই আই চি ইউ লৈ গৈ মাতৃৰ খবৰ লৈ গৈছিল।