গুৱাহাটী

কোৰোনাৰ সংহাৰৰ মাজতে কোভিড চেন্টাৰত কণমানিৰ জন্মদিন উদযাপন কৰিলে চিকিৎসকে… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে কেৱল কোৰোনাৰ সংহাৰ। এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউন জাৰি কৰাৰ লগতে যিসকল লোক কোভিড-১৯ত আক্ৰান্ত হৈছে তেওঁলোকক ৰখা হৈছে আচুতীয়াকৈ।

কোৰোনাত আক্ৰান্ত লোকসকলে নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিব লগীয়া হৈছে এই ৰোগৰ পৰা ৰক্ষা পাবলৈ তথা আনকো এই ভাইৰাছৰ সংক্ৰমনৰ পৰা সুৰক্ষিত ৰাখিবলৈ। এই সকলোবোৰৰ মাজতে অৱশ্যে দেখা গৈছে এক ব্যতিক্ৰম দৃশ্য।

কালাপাহাৰ কোভিড চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা এটি কণমানিক চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে চিকিৎসালয়তে জনালে জন্মদিনৰ শুভেচ্ছা। পিপিই কিট পৰিধান কৰি 'হেপী বাৰ্থ ডে' গাই কণমানি ছোৱালীজনীৰ মন ভাল লগালে এই চিকিৎসকসকলে। আৰু লগতে দিছে বহু উপহাৰ। জানিব পৰা মতে, পিতৃ-মাতৃসহ কোৰোনাত আক্ৰান্ত হৈ কণমানি জনী চিকিৎসাধীন হৈ আছে এই কোভিড চেন্টাৰত।