গুৱাহাটী

সাংবাদিকৰ হাতত সাংবাদিক নিৰ্যাতিত, জাফাৰ গৰিহণা

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সাংবাদিকৰ হাতত সাংবাদিক নিৰ্যাতিত হোৱা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে জাৰ্ণেলিষ্ট ফ'ৰাম আছাম চমুকৈ জাফাই। এনে ঘটনাক সংবাদ ক্ষেত্ৰখনৰ বাবে দুৰ্ভাগ্যজনক আখ্যা দি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে সংস্থাটোৱে।

'আমি আশা কৰিছো আইনে ভুক্তভোগী সংবাদিকগৰাকীক ন্যায় প্ৰদান কৰিব। এনে নিন্দনীয় ঘটনাৰ সৈতে জড়িতসকলে শীঘ্ৰে শাস্তি পোৱাতো আমি বিচাৰো। ইয়াৰ লগতে আমি অভিযুক্ত সংবাদিকগৰাকীকো আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া উচিত বুলি বিবেচনা কৰো।'-এক বিবৃতিত এইদৰে কয় জাফাই।

উল্লেখ্য যে, যোৱা ১ ডিচেম্বৰত গুৱাহাটীস্থিত এগৰাকী যুৱতী সাংবাদিকে ৰাষ্ট্ৰীয় টেলিভিছন চেনেল এটাত কৰ্মৰত সাংবাদিক এজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। মী টুক লৈ দেশজুৰি তোলপাৰ অব্যাহত থকাৰ সময়তে সংঘটিত এই ঘটনাই জোকাৰি যায় ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনক।