গুৱাহাটী

যোৰাবাটত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ যোৰাবাট আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাটত বুধবাৰে পুৱা প্ৰায় ১১ বজাত এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়। জানিব পৰা মতে যোৰাবাটত কালভাৰ্টৰ তলত পৰিত্যক্তৱস্থাত বস্তাত মেৰিয়াই বান্ধি থোৱা অৱস্থাত মৃতদেহটো দেখি স্থানীয়লোকে যোৰাবাট আৰক্ষীক খবৰ দিয়ে।

পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।