গুৱাহাটী

জন সংযোগৰ প্ৰাক্তন সঞ্চালক জীৱন সোণোৱালৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ অৱসৰপ্ৰাপ্ত জন সংযোগ বিভাগৰ প্ৰাক্তন সঞ্চালক জীৱন সোণোৱালৰ মঙলবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত মৃত্যু ঘটে। তিনিচুকীয়া জিলাৰ তালাপত জন্মলাভ কৰা আৰু পৰৱৰ্তী সময়ত চাকৰি সূত্ৰে গুৱাহাটী মহানগৰীৰ বেলতলা সৌৰভ নগৰৰ স্থায়ী বাসিন্দা হোৱা প্ৰয়াত সোণোৱালে ২০০৬ চনত অৱসৰ গ্ৰহণ কৰিছিল।

বেলতলাকে ধৰি গুৱাহাটীৰ বিভিন্ন সামাজিক অনুষ্ঠানৰে জৰিত অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। পত্নী, কন্যা আৰু জোঁৱাইকে ধৰি বহু আত্মীয় তথা অনুৰাগীক এৰি থৈ যোৱা জীৱন সোণোৱালৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।