অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে জয়ন্ত বৰুৱাক বিভিন্ন দল, সংগঠনৰ সম্বৰ্ধনা...
অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে জয়ন্ত বৰুৱাক বিভিন্ন দল, সংগঠনৰ সম্বৰ্ধনা... 
গুৱাহাটী

অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে জয়ন্ত বৰুৱাক বিভিন্ন দল, সংগঠনৰ সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা হেমকোষৰ ব্ৰেইল সংস্কৰণলৈ আজি আগবঢ়োৱা হ'ব আনুষ্ঠানিক স্বীকৃতি পত্ৰ। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চী কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে বিশেষ অনুষ্ঠান।

অনুষ্ঠানৰ পূৰ্বে আজি হেমকোষৰ ব্ৰেইল সংস্কৰণে সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি লাভ কৰাৰ বাবে 'হেমকোষ ব্ৰেইল'ৰ প্ৰকাশক আৰু 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক তথা 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ বিভিন্ন দল, সংগঠনে শুভেচ্ছা জনাই সম্বৰ্ধনা জ্ঞাপন কৰিছে।

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক স্বীকৃতি পত্ৰ প্ৰদান অনুষ্ঠানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ যোৱাৰ পথতে প্ৰথমে মালিগাঁৱত উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মজদুৰ ইউনিয়নে তেওঁক আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে। সংগঠনটোৰ লোকসকলে বাইক ৰেলীৰে জয়ন্ত বৰুৱাক তেওঁলোকৰ কাৰ্যালয়লৈ আদৰি নি এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

এই অনুষ্ঠানতে সংগঠনটোৰ নেতৃত্বই হেমকোষ ব্ৰেইল অভিধানৰ জৰিয়তে বিশ্ব অভিলেখ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষাক বিশ্ব জনীন কৰাৰ এই প্ৰয়াসক শলাগী জয়ন্ত বৰুৱাক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে 'সাদিন-প্ৰতিদিন গোষ্ঠী'য়ে শ্ৰমিকৰ হৈ মাত মাতি অহাৰ লগতে শ্ৰমিকৰ দুখ, দুৰ্দশাৰ কথা প্ৰচাৰ কৰি অহাৰ বাবেও তেওঁক আজিৰ শ্ৰমিক দিৱসৰ দিনটোতে এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পায় তেওঁলোক আনন্দিত বুলিও উল্লেখ কৰে।

ইয়াৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়বৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে জয়ন্ত বৰুৱাই। উল্লেখ্য আজি ভাষাৰ ওজা, হেমকোশ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্য়ক মৃত্যু তিথি। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰি সুদীৰ্ঘ দিন ধৰি প্ৰতি সন্ধিয়া এই প্ৰতিমূৰ্তিৰ সন্মুখত বন্তী প্ৰজ্বলন কৰি অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰঞ্জিত শৰ্মাই।

এই অনুষ্ঠানৰ পাছতে জয়ন্ত বৰুৱাক সদৌ অসম ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদ, টাই আহোম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতিয় আৰু জনজাতিয় সংগঠনৰ লগতে অসম জাতীয় বিদ্যালয়, ইলোৰা মঞ্চকে ধৰি বিভিন্ন দল-সংগঠনে ভাষা, সাহিত্যৰ প্ৰতি আগবঢ়োৱা এই অনবদ্য অৱদানৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে। সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰগৰাকীয়ে আগন্তুক সময়তো যিমান পাৰি সিমান অসমীয়া ভাষা, সাহিত্যৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে আৰু ইয়াৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰে।