গুৱাহাটী

আৰ এছ এছৰ নামত জালুকবাৰী বাছ আস্থানত দাদালৰ ধন সংগ্ৰহ…

asomiyapratidin

ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটীত এতিয়া আৰম্ভ হৈছে ছিণ্ডিকেটৰাজ । আপুনি ট্ৰাকৰ ছিণ্ডিকেট শুনিছে কিন্তু এতিয়া মহানগৰীৰ ৰাজপথত চলে বাছৰ ছিণ্ডিকেট । দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিনতে মহানগৰীৰ যাতায়তৰ প্ৰাণকেন্দ্ৰ আদাবাৰী- জালুকবাৰীত বাছৰ পৰা গুণ্ডাকৰ টেক্স উঠোৱা তথ্য পোহৰলৈ আহিছে ।

এই সমগ্ৰ ছিণ্ডিকেট আৰ এছ এছৰ নেতা ছত্ৰছায়াত সংঘটিত হোৱাৰ কথা সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে । দৈনিক এই ছিণ্ডিকেট আদাবাৰীৰ পৰা জালুকবাৰীৰ লৈ অহা নামনি অসমৰ বাছৰ পৰা ২০০-৩০০ টকাকৈ সংগ্ৰহ কৰে ।

তদুপৰি এই নলবাৰী, ৰঙিয়া তথা বৰপেটা তথা তেজপুৰ, মংগলদৈ যাত্ৰীবাহী বাছৰ পৰা ২০০-৩০০ টকা সংগ্ৰহ কৰি গুণ্ডাকৰ টেক্সৰ বাবদ ৬০ টকাৰ ৰচিদহে দিয়ে বুলি বাছৰ চালকে সাংবাদিকক জনায়। ইফালে এই ছিণ্ডিকেটৰাজৰ সকলো কথা গম পাইও জালুকবাৰী আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । আৰ এছ এছৰ নেতা জড়িত হৈ থকাৰ বাবে প্ৰশাসন নিমাত নেকি সেয়া এক প্ৰশ্ন হৈছে?