- মহানগৰীৰ উমানন্দ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত ভগৱানৰ মূৰ্তি উদ্ধাৰ।
- প্ৰথমাৱস্থাত এজন লোকে উদ্ধাৰ কৰে এটা মূৰ্তি।
- তাৰ পিছতে লোকজনে খবৰ দিয়ে আৰক্ষীক।
- আৰক্ষী অহাৰ পিছতে মুঠ ৩৭ টা মূৰ্তি উদ্ধাৰ কৰা হয়।
- অধিকাংশ মূৰ্তিয়ে পিতলৰ বুলি জানিব পৰা গৈছে।
- লোকজনে গা ধুবলৈ আহোঁতে এটা মূৰ্তি প্ৰথমে ভৰিত লাগিছিল।
- তাৰ পিছতে কেবাজনো লোকৰ সহায়ত বিচাৰোতে উদ্ধাৰ কৰে মূৰ্তিসমূহ।
- মূৰ্তিসমূহ কোনে-কেতিয়া নি পানীত পেলালে সেই কথা জানিব পৰা হোৱা নাই।
- আৰক্ষীয়ে এইয়া চুৰি মূৰ্তি বুলি সন্দেহ কৰিছে।
- মূৰ্তি চাবৰ বাবে বহুলোকে ভিৰ কৰে।
- দুপৰীয়া প্ৰায় ১.৩০ বজাত প্ৰথমে লোকজনে মূৰ্তিৰ সন্ধান লাভ কৰিছিল।
- মূৰ্তি কেইটা উদ্ধাৰ কৰি লতাশিল আৰক্ষীয়ে থানালৈ লৈ আহে বুলি জানিব পৰা গৈছে।
- মূৰ্তিসমূহৰ লগতে উদ্ধাৰ কৰা হৈছে ত্ৰিশূল আৰু শংখও।